August 9, 2024 12:06 PM

views 31

পেৰিছ অলিম্পিকৰ জেভলিনত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ভাৰতীয় এথলীট নীৰজ চোপ্ৰাই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৮৯ দশমিক ৪-৫ মিটাৰলৈ যাঠি নিক্ষেপ কৰি যোৱানিশা পেৰিছ অলিম্পিকৰ পুৰুষৰ জেভলিনত ৰূপৰ পদক অৰ্জন কৰে। পাকিস্তানৰ অৰ্শদ নদীমে ৯২ দশমিক ৯-৭ মিটাৰলৈ যাঠি নিক্ষেপ কৰি ৯০ দশমিক ৫-৭ মিটাৰৰ সৰ্বকালৰ অলিম্পিক অভিলেখ ভংগ কৰি সোণৰ পদক অৰ্জন কৰে। কালিৰ প্ৰদৰ্শনৰ সুবাদত নীৰজ চোপ্ৰা স্বাধীনতা লাভৰ পাছত এথলেটিকছত দুটাকৈ পদক অৰ্জন কৰা ভাৰতীয় ট্রেক এণ্ড ফিল্ড এথলীট ৰূপে পৰিগণিত হৈছে। নীৰজ চোপ্ৰা ২০০৮ আৰু ২০১২ৰ অলিম্পিকত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰা মল্লযোদ্ধ...