July 2, 2026 11:47 AM
10
ছানায়ে টাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পৰ্যায়ৰ আলোচনা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই আলোচনাই দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ চালিজাৰি চোৱাৰ লগতে সম্পর্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময়ৰ সুযোগ দিব। আলোচনাকালত দেশ দুখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্রমণসূচীৰে জাপানৰ প্রধানমন্ত্ৰীগৰাকী কালি বিয়লি নতুন দিল্লীত উপস্থিত...