June 26, 2024 8:16 PM

views 14

নৱগঠিত মন্ত্ৰী পৰিষদৰ সদস্যসকলক পৰিচয় কৰালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত নৱগঠিত মন্ত্ৰী পৰিষদৰ সদস্যসকলক পৰিচয় কৰাই দিয়ে। লোকসভা অধ্যক্ষ নিৰ্বাচনৰ পাছতে শ্রীমোদীয়ে নিম্ন সদনত কেবিনেট মন্ত্রী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যমন্ত্ৰীসকলক পৰিচয় কৰাই দিয়ে। পাছত অধ্যক্ষ বিৰলাই ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা বলবৎ কৰাৰ কথা স্মৰণ কৰি কয় যে সদনে ইয়াৰ গৰিহণা দিয়ে। তেওঁ লগতে জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা, আতিশয্যৰ বিৰুদ্ধে যুঁজ দিয়া তথা গণতন্ত্ৰক সুৰক্ষিত কৰাৰ দায়িত্ব পালন কৰাসকলৰ দৃঢ়তাৰ শলাগ লয়। দেশৰ ইতিহাসত এই দিনটো ...