July 25, 2024 10:51 AM

views 13

ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিৰ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে উভয় দেশৰ সৰ্বাত্মক কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ অগ্ৰাধিকাৰসমূহৰ শলাগ লয়। তেওঁ কয় যে ভাৰত এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ দ্বিপাক্ষিক প্ৰযুক্তি সুৰক্ষা উদ্যম আৰু পৰস্পৰৰ বাবে লাভজনক মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ আগ্ৰহৰ প্ৰতি আদৰণি জনায়।