September 17, 2025 8:20 PM

views 35

সমগ্ৰ দেশতে স্বাস্থ্যৱতী নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশতে স্বাস্থ্যৱতী নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ লগতে মধ্য প্ৰদেশৰ ধাৰ জিলাৰ পৰা অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে। শ্ৰীমোদীয়ে জিলাখনৰ ভেনচোলা গাঁৱত দেশৰ সৰ্ববৃহৎ পি এম মিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে মাতৃ বন্দনা যোজনাৰ অধীনত ১৫ লাখৰো অধিক মহিলাক বিত্তীয় সাহায্য হস্তান্তৰ কাৰ্য্যসূচী মুকলি কৰে। শ্ৰীমোদীয়ে ৰাজ্যখনৰ জনজাতীয় এলেকাসমূহৰ বাবে আদি সেৱা পৰ্ব শীর্ষক এটা কাৰ্য্যসূচী উদ্বোধন কৰে। তেওঁ মহিলাসক...