November 15, 2025 12:15 PM

views 56

বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশ বুলি উল্লেখ কৰিছে। তেওঁ কয়, যে এই নির্বাচনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক অস্বীকাৰ কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত শ্রী মোদীয়ে কয়, যে এয়া হৈছে, আৰ জে ডিৰ জংগলৰাজৰ সন্মুখীন হোৱা বিহাৰৰ মহিলাসকলৰ জয়। তেওঁ ইয়াক গণতন্ত্ৰৰ জয় বুলি উল্লেখ কৰে যিয়ে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত আস্থা বৃদ্ধি কৰে। শ্ৰী মোদীয়ে কয়, যে...