July 6, 2024 11:51 AM

views 35

প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান,২০২৪ প্ৰথম পর্যায়ত প্ৰধানমন্ত্ৰীৰ অংশগ্রহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান,২০২৪ প্ৰথম পর্যায়ত অংশগ্রহণ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ সৈনিকসকলৰ সাহস আৰু নিষ্ঠাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰিছো। তেওঁ কয়, তেওঁলোকে সেৱা আৰু ত্যাগৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ সাহসে দেশবাসীক সদায় অনুপ্রাণিত কৰিব বুলিও প্রধানমন্ত্ৰী গৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে।