November 17, 2024 8:12 PM

views 28

ভাৰতে নাইজেৰিয়াৰ সৈতে কৌশলগত অংশীদাৰিত্বক সর্বোচ্চ অগ্ৰাধিকাৰ দিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ পৰ্যালোচনা চলোৱাৰ লগতে দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। ৰাষ্ট্ৰপতি টিনুবুৰ সৈতে এই প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে নাইজেৰিয়াৰ সৈতে কৌশলগত অংশীদাৰিত্বক সর্বোচ্চ অগ্ৰাধিকাৰ দিছে। এই ক্ষেত্ৰত তেওঁ দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, শক্তি, প্রযুক্তি, স্বাস্থ্য, শিক্ষা আৰু সাংস্কৃতিক সহয...