September 27, 2026 12:49 PM
8
পৰিষ্কাৰ পৰিচ্ছন্নতা জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰাজিৰ অন্যতম আছিল বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উল্লেখ
অহা ২ অক্টোবৰত পালন কৰিবলগীয়া মহাত্মা গান্ধীৰ জন্ম বার্ষিকীৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, পৰিষ্কাৰ পৰিচ্ছন্নতা জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰাজিৰ অন্যতম আছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে লোৱা বিভিন্ন উদ্যমৰ উদাহৰণ দি শ্রী মোদীয়ে কয়, যে মধ্যপ্ৰদেশৰ যুৱক-যুৱতীসকলে এখন নৈ পৰিষ্কাৰৰ বাবে কাম কৰি আছে। একেদৰে অন্ধ্র প্রদেশৰ যুৱক-যুৱতীসকলে পুৰণি কুৱা আৰু চিৰিযুক্ত কুৱা পৰিষ্কাৰৰ বাবে বিশেষ উদ্যম গ্রহণ কৰিছে আৰু এই উদ্যমে দেশৰ প্ৰাচীন ঐ...