February 8, 2025 9:23 PM

views 27

দিল্লী বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰা জনাদেশৰ বাবে দিল্লীবাসীক প্ৰধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰা জনাদেশৰ বাবে দিল্লীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে দলটোৱে দিল্লীৰ বিকাশ, জনসাধাৰণৰ জীৱনৰ সামগ্রিক মানৰ উন্নয়ন আৰু উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত দিল্লীৰ মুখ্য ভূমিকা সুনিশ্চিত কৰাত চেষ্টাৰ অকনো ত্রুটি নকৰে। দিল্লী বিধানসভা নিৰ্বাচনত দলৰ জয় নিশ্চিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে দলীয় কর্মীসকলক ভূয়সী প্রশংসা কৰি শ্ৰী মোদীয়ে কয়, যে উৎকৃষ্ট ফলাফল লাভ কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা ...