May 15, 2025 11:55 AM

views 24

নক্সালবাদৰ বিৰুদ্ধে চলি থকা অভিযান সঠিক দিশত আগবাঢ়িছে : প্ৰধানমন্ত্ৰী

সুৰক্ষা বাহিনীৰ সফলতাই নক্সালবাদৰ বিৰুদ্ধে চলি থকা অভিযান সঠিক দিশত আগবঢ়াকে সূচাইছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে।কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমত লিখা এটা পোষ্ট শ্বেয়াৰ কৰি শ্রীমোদীয়ে কয় যে নক্সাল প্ৰভাৱিত অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠা আৰু উন্নয়ন তথা তেওঁলোকক মূলসুঁতিলৈ ওভটাই অনাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।