July 3, 2024 12:45 PM

views 46

চৰকাৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয় লৈ যথেষ্ট উদ্বীগ্ন আৰু দোষীসকলক ৰেহাই দিয়া নহ’ব বুলি লোকসভাত আশ্বাস প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লোকসভাক এইবুলি আশ্বাস দিয়ে যে চৰকাৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয় লৈ যথেষ্ট উদ্বীগ্ন আৰু দোষীসকলক ৰেহাই দিয়া নহ'ব। তেওঁ কয় যে এই সন্দৰ্ভত যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে। সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত উত্তৰ দি প্রধানমন্ত্ৰীয়ে কয় যে নীট পৰীক্ষাৰ বিষয় লৈ দেশৰ বিভিন্ন প্ৰান্তত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰক্ৰিয়াটো ত্রুটিহীন কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈ...