February 15, 2025 6:45 PM

views 35

পি এম কুসুম আঁচনিৰ অধীনত পঞ্জীয়ন আৰু আবেদনৰ বাবে পৰহিলৈ প’ৰ্টেল মুকলি

সৌৰ শক্তিৰ ব্যৱহাৰেৰে কৃষি খণ্ডৰ সৱলীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা পি এম কুসুম আঁচনিৰ অধীনত পঞ্জীয়ন আৰু আবেদনৰ বাবে পৰহিলৈ pmkusum.assam.gov.in শীর্ষক এটা প'ৰ্টেল মুকলি কৰা হ'ব। ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ সহযোগত অসম শক্তি উন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়ণ কৰা এই আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ কৃষকসকলৰ প্ৰতি ৰাজ্য চৰকাৰে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত অতি পিছপৰা অঞ্চলৰ কৃষকসকলক সৌৰ পাম্প ব্যৱহাৰৰ সুবিধা প্ৰদানৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নতুন আৰু পুনৰ ব্যৱহাৰ যোগ্য শক্তি মন্ত্ৰ্যালয় তথা ৰাজ্য চৰকাৰৰ দ্বাৰ...