June 15, 2024 9:41 PM

views 50

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে খেতিয়কৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰিব

কেন্দ্ৰীয় গ্রামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি ৩ লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রী চৌহানে এই কথা প্রকাশ কৰে। তেওঁ কয় যে, যোৱা ১০ বছৰত ১১ কোটি কৃষকৰ একাউণ্টলৈ তিনি লাখ কোটি টকা হস্তান্তৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে প্রধানমন্ত্ৰীৰ মঙলবাৰৰ অ...