September 12, 2024 1:18 PM

views 85

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি অথবা ব্যক্তিগত স্বাস্থ্য বীমা আঁচনিৰ নাগৰিকসকলেও আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নির্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি কালি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনি ৰূপায়ণৰ বাবে প্ৰাৰম্ভিকভাৱে ৩ হাজাৰ ৪৩৭ কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু পৰ্যায় ক্ৰমে এই ধনৰ আৱণ্টন বৃদ্...