November 19, 2024 12:02 PM

views 25

ফ্রান্স, ইটালী, ন’ৰৱে, পৰ্টুগাল, ইণ্ডোনেছিয়াৰ লগতে বহু দেশৰ নেতৃবৰ্গৰে প্রধানমন্ত্ৰী মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনৰ আপাহতে ফ্রান্স, ইটালী, ন'ৰৱে, পৰ্টুগাল আৰু ইণ্ডোনেছিয়াৰ লগতে ভালেকেইখন দেশৰ নেতৃবৰ্গৰ সৈতে ভাৰতৰ লগত থকা সম্পৰ্ক শক্তিশালী আৰু উন্নত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। শ্ৰীমোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰো সৈতে হোৱা আলোচনাত চলিত বৰ্ষত পেৰিছত অলিম্পিক আৰু পেৰালিম্পিক ক্রীড়া সমাৰোহ সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে তেওঁক অভিনন্দন জনায়। উভয় দেশে মহাকাশ, শক্তি, কৃত্রিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সম্ভাৱনামূলক খণ্ডক লৈ আল...