April 16, 2025 8:02 PM

views 31

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বার্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুবৰ সৈতে আজি টেলিফোনিক বার্তালাপত মিলিত হয়। এই বাৰ্তালাপৰ সময়ছোৱাত দুয়োগৰাকী নেতাই পৰস্পৰৰ স্বাৰ্থজড়িত বিষয়সমূহৰ লগতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো মত বিনিময় কৰে। দুয়োগৰাকী নেতাই ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰে। তেওঁলোক দুয়োগৰাকী নেতাই ভাৰত আৰু ফিনলেণ্ডৰ মাজত ডিজিটেলাইজেশ্বন, বহনক্ষম আৰু গতিশীল বিষয়সমূহতো দুয়োদেশৰ সহযোগিতাৰ দিশটো পৰ্যালোচনা কৰে।