May 22, 2025 8:15 PM

views 35

প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ অধীনত বৈদ্যুতিন বাছ সেৱা আৰম্ভ

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্রী এইছ ডি কুমাৰাস্বামীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ অধীনত বৈদ্যুতিন বাছ সেৱা আৰম্ভ কৰাৰ বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত প্ৰাথমিক পৰ্যায়ত তেলেংগানা, কৰ্ণাটক, দিল্লী আৰু গুজৰাটত এই সেৱা আৰম্ভ কৰাৰ বিষয়ত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ চলিত পৰ্যায়ৰ অধীনত বেংগালুৰুলৈ প্ৰায় চাৰি হাজাৰ ৫০০ খন, হায়দাবাদলৈ দুহেজাৰ, দিল্লীলৈ দুহেজাৰ ৮০০, আহমেদাবাদলৈ এহেজাৰ আৰু চুৰাটলৈ ৬০০ খন বৈদ্যুতিন বাছ আৱণ্টন দিয়া হ'ব...