June 12, 2024 8:23 PM

views 27

এন চন্দ্রবাবু নাইডুক অভিনন্দন জ্ঞাপন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে এন চন্দ্রবাবু নাইডুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে, তেলেগু দেশম পাৰ্টী, জনসেনা আৰু বিজেপি চৰকাৰ অন্ধ্ৰপ্ৰদেশৰ যুৱচামৰ আকাংক্ষা পূৰণৰ লগতে ৰাজ্যখনক গৌৰৱৰ নতুন শিখৰলৈ লৈ যোৱাৰ বাবে সম্পূর্ণ প্রতিশ্রুতিবদ্ধ।