January 21, 2026 12:14 PM

views 33

বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছত যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ

গুৱাহাটীৰ কামাখ্যা, আৰু কলকতাৰ হাওৰাৰ মাজত প্ৰথমবাৰৰ বাবে বন্দে ভাৰত শ্লিপাৰ ৰে'লৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছতে যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি টিকেটৰ সংৰক্ষণ মুকলি কৰি দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে সকলোবিলাক আসনৰে টিকট বিক্রী হয়। টিকেটৰ এই খৰতকীয়া বিক্ৰীয়ে বন্দে ভাৰত ৰে'লৰ গতি, আৰামদায়ক তথা আধুনিক সা-সুবিধা আদি যাত্ৰীসকলে উপভোগ কৰিবৰ বাবে আগ্ৰহী হৈ উঠাৰ কথাকে প্ৰতিফলিত কৰে। যোৱা সপ্তাহত প্রধানমন্ত্রীয়ে এই ৰে'ল যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। ৰে'লখনে কামাখ্যাৰ প...

January 17, 2026 6:53 PM

views 34

আজি কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মালদহ টাউন ৰে'ল ষ্টেচনৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহন চাহিদা অনুযায়ী নিৰ্মাণ কৰা সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্রিত এই ৰে'লগাড়ীখনে বহনসাধ্য দৰত যাত্রীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্রদান কৰিব। এই ৰে’লগাড়ীখনে দূৰণিবটীয়া যাত্রা অধিক ক্ষিপ্র, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। ইপিনে, এই উপলক্ষে মালিগাঁওৰ ক...

January 2, 2026 12:30 PM

views 40

এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজৰ বহু প্রত্যাশিত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন কৰিব। ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী ১৫-২০ দিনৰ ভিতৰত ১৮ বা ১৯ জানুৱাৰীত এই ৰে'লসেৱা মুকলি কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রীক ইতিমধ্যে এই ৰে'লসেৱা মুকলি কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে আৰু সকলো প্রস্তুতি সম্পূৰ্ণ কৰা হৈছে। তেওঁ লগতে দুই-এদিনতে এই ৰে'লসেৱা মুকলিৰ নিশ্চিত দিন ঘোষণা কৰা হ'ব বুলি প্রকাশ কৰে। তেওঁ কয়, যে ৮২৩ গৰাকী যাত্...