January 18, 2026 9:01 PM

views 47

পশ্চিমবংগৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত এখন জনসভাত অংশগ্ৰহণ কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবঙ্গৰ যুৱচাম কৃষক তথা মহিলাসকলৰ প্ৰগতিৰ হকে অবিৰতভাৱে কাম কৰিছে। ৰাজ্যখনৰ সকলো প্ৰান্ততে জীৱিকাৰ সুবিধাসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো উন্নয়নমূলক আঁচনি মুকলি কৰা বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্রকল্প পতাকা জোকাৰি মুকলি কৰে। প্ৰধানমন্ত্ৰী...

April 8, 2024 12:25 PM

views 49

দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাটোৱে লোকসভা নিৰ্বাচনৰ উদ্দেশ্যঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাই হৈছে সমাগত লোকসভা নিৰ্বাচনৰ উদ্দেশ্য। তেওঁ লগতে কয় যে, চৰকাৰৰ বিভিন্ন নীতিৰ ফলস্বৰূপে ভাৰতে বর্তমান গোলকীয় ক্ষেত্ৰত বিনিয়োগৰ বিকাশৰ লগতে এটা উল্লেখনীয় স্থান লাভ কৰিছে। পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত কালি এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীমোদীয়ে কয় যে, শ্যামাপ্রসাদ মুখার্জীৰ দূৰদৰ্শিতাৰ বাবে ভাৰত আজি সন্ত্রাসমুক্ত। তেওঁ লগতে ৩৭০ নম্বৰ অনুচ্...