January 17, 2026 7:44 PM

views 35

প্রধানমন্ত্রীৰ উপস্থিতিত আজি সৰুসজাইত ১০ হাজাৰ শিল্পীৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিবেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে। বাগৰুম্বা নৃত্য উপভোগৰ পূৰ্বে প্রধানমন্ত্রী শ্রীমোদীয়ে অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাগৰুম্বা কেবলমাত্র উৎসব নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসমীয়া কলা সংস্কৃতিক ব...