November 14, 2024 8:50 PM

views 36

মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সমাৱেশ

বিকশিত ভাৰতৰ দিশত মহাৰাষ্ট্ৰই দেশক নেতৃত্ব দিয়া উচিত আৰু ইয়াৰ অংশ হিচাপে ৰাজ্যখনত বৰ্তমান আধুনিক আন্তঃগাঁথনিৰ কেইবাটাও প্ৰকল্প ৰূপায়ণ হৈ আছে। মাৰাঠৱাড়াৰ ছত্ৰপতি সম্ভাজী নগৰ জিলাত আজি এখন নির্বাচনী সমাৱেশত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বুলি মন্তব্য কৰে। অঞ্চলটোৰ বাবে ইতিমধ্যে ৭০ হাজাৰ কোটি টকাৰ কেইবাখনো বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰা হৈছে আৰু ৪৫ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প ৰূপায়ণ হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ ন...