September 29, 2026 12:15 PM

views 3

আজিৰে পৰা মন্ত্রী পীযূষ গোৱেলৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে আজিৰে পৰা ৫ অক্টোবৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রী গোৱেলে অহা বুধবাৰে অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া জি-২০ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকত অংশগ্রহণ কৰিব। এই বৈঠকৰ সুযোগতে তেওঁ বাণিজ্য মন্ত্রীসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈঠকত কৃষক, মীন পালক, মহিলা উদ্যোগী ষ্টার্ট আপ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড আৰু অন্যান্য উদ্যোগিসকলৰ বাবে সুযোগ-সুবিধা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। শ্রী গোৱেলে লগতে ভাৰত-আমেৰিকা দ্বিপাক্ষিক চুক্তিক ভাৰসাম...