August 10, 2026 9:43 PM

views 11

ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই

বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই আজি শিৱসাগৰ জিলাৰ ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে।  শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাই পুখুৰী কৃষি চক্ৰৰ সমূহীয়া কঠীয়াতলীত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ডিমৌৰ বিধায়ক তথা জলসম্পদ মন্ত্রী সুশান্ত বৰগোঁহাই, কৃষি বিভাগৰ সঞ্চালক ড০ উদয় প্রবীন, জিলা কৃষি বিষয়া অমৃত শ‍ইকীয়াৰ লগতে কৃষি বিভাগৰ বিষয়াকৰ্মচাৰীসকল উপস্থিত থাকে।