November 23, 2025 8:57 PM

views 91

ভাৰত আৰু ইজৰাইলৰ ব্যৱসায় খণ্ডৰ দ্রুত লাভ সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্রস্তাৱিত মুক্ত বাণিজ্য চুক্তি দুটা পর্যায়ত ৰূপায়ণৰ বিষয়টো বিবেচনা কৰি আছেঃ পীযূষ গোৱেল

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কৈছে যে ভাৰত আৰু ইজৰাইলৰ ব্যৱসায় খণ্ডৰ দ্রুত লাভ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দুয়োখন দেশে তেওঁলোকৰ প্রস্তাবিত মুক্ত বাণিজ্য চুক্তি দুটা পর্যায়ত ৰূপায়ণৰ বিষয়টো বিবেচনা কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিৰ প্ৰথম পৰ্যায়তেই ইয়াক ৰূপায়ণ কৰাটো সম্ভৱ যাতে ইয়াৰ জৰিয়তে লাভৰ দিশটো অধিক খৰতকীয়া কৰিব পৰা যায়। শ্রীগোৱেলে কয় যে সমগ্ৰ বিশ্বৰ বাবে ভাৰতবৰ্ষ এখন অত্যন্ত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য দেশ হিচাপে পৰিগণিত হৈছে।