December 30, 2024 12:33 PM

views 65

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী নৈত নৌকা বিহাৰ কৰি আনন্দ-উল্লাস কৰে বুলি বাক্সা জিলাৰ সংবাদদাতাই জনাইছে।ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো কালি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালি, ব...

December 29, 2024 9:03 PM

views 78

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থানসমূহত আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালী, বশিষ্ঠ, টেঘেৰীয়া, ৰাণী, দীপৰবিল, চন্দ্ৰপুৰৰ উপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বহু লোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, ...

December 5, 2024 9:01 PM

views 46

তামুলপুৰত বনভোজৰ দলসমূহৰ ওপৰত জিলা দণ্ডাধীশৰ কেতবোৰ নিষেধাজ্ঞা

তামুলপুৰৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বনভোজৰ দলসমূহৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই অনুসৰি বনভোজৰ দলসমূহে পুৱা ৯ বজাৰ পূৰ্বে বনভোজস্থলীত উপস্থিত হ'ব নোৱাৰিব আৰু বিয়লি ৪ বজাৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব। প্লাষ্টিক আৰু উচ্চ প্রাবল্যৰ শব্দযন্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।