December 28, 2025 9:15 PM

views 39

বছৰৰ শেষৰটো দেওবাৰত ৰাজ্যৰ বনভোজস্থলীসমূহত বনভোজ দলৰ সমাগম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থানসমূহত আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত জাৰকো নেওচি অগণন লোকে প্রাকৃতিক পৰিৱেশত একগোট হৈ বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালী, বশিষ্ঠ, টেঘেৰীয়া, ৰাণী, দীপৰবিল, চন্দ্ৰপুৰ, হাতিশিলাৰ উপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বহু লোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, চনকা, নগ...

December 14, 2025 8:28 PM

views 52

ৰাজ্যত শীত নমাৰ লগে লগে বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে

ৰাজ্যত শীত নমাৰ লগে লগে বনভোজৰো বতৰ অহা পৰিলক্ষিত হৈছে। বছৰটোৰ শেষৰ দিনকেইটি তথা সমাগত মাঘ বিহু আৰু নৱবৰ্ষৰ মাজৰ দিনকেইটিত ৰাজ্যৰ বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে। বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলীত আজি বনভোজৰ বাবে ব্যাপক জন সমাগম হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উৎসাহী লোকে বেকী নৈত নৌকা বিহাৰ কৰাৰ লগতে মাছে-মঙহে এসাজ খাই আনন্দ উল্লাহ কৰে। গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰীসূর্য পাহাৰতো আজি ব্যাপক জনসমাগম হয়। সনাতন হিন্দু, বৌদ্ধ তথা জৈনসকলৰ মিলনভূমিস্বৰূপ ঐতিহাসিক শ্রীশ...

July 24, 2025 6:55 PM

views 55

কাছাৰৰ কালাইনৰ সিন্দূৰা বনভোজথলী পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ

কাছাৰ জিলাৰ কালাইনৰ সিন্দূৰা বনভোজথলী পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যোৱা দেওবাৰে সিন্দূৰা নৈত পৰি শ্ৰীভূমিৰ দুজন যুৱকৰ মৃত্যুৰ পাছতে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্রহণ কৰে। কাটিগড়া ৰাজহ চক্ৰৰ অন্তৰ্গত এই বনভোজথলীত প্ৰয়োজনীয় নিৰাপত্তাৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্রশাসনে সেই ঠাইত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। জিলা আয়ুক্ত মৃদুল যাদৱে এই সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰি কয় যে প্রয়োজনীয় সাৱধানতা অবিহনে এনে স্থানত জনসাধাৰণে মুক্তভাৱে ঘূৰা-ফুৰা কৰাৰ ফলত বিপদৰ সন্মুখীন হ'ব পাৰে।...