June 24, 2026 1:58 PM

views 21

গুৱাহাটীৰ কৰ ভৱনত পিআইবি গুৱাহাটী আৰু এছবিআইৰ উদ্যোগত বাৰ্তালাপ শীর্ষক সংবাদ মাধ্যমৰ কর্মশালা অনুষ্ঠিত

গুৱাহাটীৰ কৰ ভৱনত কালি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীর্ষক সংবাদ মাধ্যমৰ এখন কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সৱলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত ১২ বছৰৰ বিশ্বাস, বিকাশ আৰু জন-কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কর্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহা-প্ৰৱন্...

August 2, 2024 12:16 PM

views 75

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত কাইলৈ নিশা ৮.০২ মিনিটত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্ৰিদীপ বপৰৰ্নচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্ৰোতাসকলে উত্তৰ দিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

August 1, 2024 6:37 PM

views 68

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত শনিবাৰে নিশা ৮ বাজি ২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্রোতাসকলে উত্তৰ দিব পাৰিব।