December 15, 2025 6:33 PM

views 58

অসমৰ সংবাদ জগতৰ মহীৰূহ, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ প্রফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন

যোৱানিশা দেহাৱসান ঘটা অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা বর্ষীয়ান সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া গুৱাহাটী নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হয়। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পীযূষ হাজৰিকাই শেষকৃত্যথলীত উপস্থিত হৈ শ্রদ্ধা নিবেদন কৰে। ইয়াৰ আগেয়ে তেওঁৰ নশ্বৰদেহ আজি পুৱাৰ ভাগত কর্মস্থল দি আছাম ট্ৰিবিউন চৌহদত ৰখা হয়। ইয়াতেই গুণমুগ্ধসকলে তেওঁলৈ শেষ শ্রদ্ধা তৰ্পণ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বর্ষীয...