October 3, 2026 12:48 PM

views 7

প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ধুবুৰী জিলা অসম সাহিত্য সভাইও দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবার্ষিকীৰ আয়োজন কৰিছে। জিলাখনৰ বিলাসীপাৰা আৰু চাপৰতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগ...

October 3, 2025 12:48 PM

views 56

ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ৯১ সংখ্যক জন্ম বার্ষিকী পালন

গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৯১ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন স্থানত সুকীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। ১৯৩৪ চনৰ আজিৰ দিনটোত কলকাতাত জন্মলাভ কৰা মহান শিল্পীগৰাকীয়ে সমৃদ্ধিশালী অসমীয়া সংস্কৃতিৰ এই বিশেষ ধাৰাটোক ৰাজ্যৰ পৰিসীমা অতিক্ৰম কৰাই সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠা কৰি থৈ গ'ল। হস্তিৰ কন্যা, তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে আদিকে ধৰি ভালেমান গোৱালপাৰীয়া লোকগীতক শ্ৰোতা সমাজৰ মাজত পৰিচিত কৰাই দিয়া প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰা ভাৰতৰত্ন সন্মানেৰে বিভূষিত...

March 22, 2025 1:02 PM

views 49

গৌৰীপুৰৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ সংৰক্ষণৰ কাম পূর্ণ গতিত অব্যাহত

ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবাগত থকা গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ হাৱা মহলৰ সংৰক্ষণৰ কাম পূর্ণ গতিত চলি আছে। আমাৰ ধুবুৰী জিলাৰ সংবাদদাতাই জনোৱা মতে প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উপৰি অসমৰ জমিদাৰী প্রথা তথা গোৱালপাৰা জিলাৰ পুৰণি সম্পদশালী ইতিহাসৰ সৈতে নতুন প্ৰজন্মক পৰিচয় কৰোৱাৰ লক্ষ্যৰে এই হাৱা মহলৰ সংৰক্ষণৰ কাম কৰি থকা হৈছে। উল্লেখযোগ্য যে অসম মন্ত্ৰীসভাৰ এখন বৈঠকত ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্ৰহালয় গঢ়ি তোলাৰ বাবে গৌৰীপুৰৰ মাটিয়াবাগৰ প্ৰ...