August 14, 2025 7:28 PM

views 17

আজি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

আজি বিভাজন বিভীষিকা স্মৃতি দিৱস। ১৯৪৭ চনৰ এই দিনটোত দেশ বিভাজনৰ সময়ত জনসাধাৰণ সন্মুখীন হোৱা অবর্ণনীয় যাতনা আৰু কষ্টৰ কথা স্মৰণ কৰি এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰবাসীয়ে দেশ বিভাজনৰ সময়ত প্ৰাণ আহুতি দিয়া আৰু অকল্পনীয় বেথাৰ সন্মুখীন হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস উপলক্ষে বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলীয় কৰ্মীসকলৰ সৈতে তিনিচুকীয়াত আয়োজিত বিভাজন বিভীষিকা স্মৃতি দিৱস কাৰ্যসূচীত অংশ লৈ...