January 23, 2025 1:07 PM

views 25

হায়দৰাবাদত B2G বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি হায়দৰাবাদত B2G বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে ভিৰিন্সি হাস্পতাল, এপ’ল' হাস্পতাল, মেটা সৌৰ সেৱা, গীতাঞ্জলি দেৱী ফাইণ্ডেচন আৰু, জি ভি আৰ ফিল্মচিটী, ডি পি ৱৰ্ল্ডৰ পৰা বিভিন্ন প্ৰকল্পৰ বাবে অভিপ্ৰায় পত্ৰ লাভ কৰা বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে এই প্রকল্পসমূহৰ পৰিকল্পনা বাস্তৱায়িত হ’লে ৰাজ্যত ৫ হাজাৰ কোটিৰো অধিক টকাৰ বিনিয়োগ হ'ব।