August 13, 2026 9:17 PM

views 7

সংসদৰ উভয় সদনৰ কাৰ্যক্রমণিকা অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ উভয় সদনৰ কাৰ্যক্রমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বর্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাত আজি খনি আৰু খনিজাত পদার্থ উন্নয়ন আৰু নিয়ন্ত্রণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশৰ খনন খণ্ডক অধিক দক্ষ, বিনিয়োগ অনুকূল আৰু দেশৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰাক...

August 6, 2025 8:18 PM

views 48

সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

বিৰোধী পক্ষ্যৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে সদনৰ মজিয়ালৈ গৈ বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোক লৈ আলোচনাৰ দাবী উত্থাপন কৰি বিভিন্ন শ্লোগান দি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী দলৰ সাংসদসকলে অব্যাহত ৰখা প্ৰতিবাদৰ বিষয়টোক লৈ অসন্তুষ্টি প্রকাশ কৰি কয় যে সাংবিধানি...

August 5, 2025 8:27 PM

views 55

বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ দুই বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ একাংশ সাংসদে বিহাৰত ভোটাৰ তালিকা বিশেষ সংশোধনক লৈ আলোচনা কৰাৰ দাবীত ধ্বনি দিবলৈ ধৰে আৰু সদনৰ মজিয়ালৈ উঠি যায়। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষই কয়, যে চৰকাৰ যিকোনো  বিষয়ক লৈ আলোচনা কৰিবলৈ সাজু। তেওঁ কয় যে প্ৰতিবাদৰত সদস্যসকলৰ আচৰণ সংসদীয় গৰিমাৰ পৰিপন্থী। হুল...

July 25, 2025 8:35 PM

views 49

বিৰোধীৰ হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত

বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীপক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজিৰ দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দিনৰ ২ বজাত পুনৰ মিলিত হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে সদনৰ কাম-কাজ ব্যাহত হয়। অধ্যক্ষৰ আসনত থকা বিজেপিৰ সাংসদ জগদম্বিকা পালে প্রতিবাদী সাংসদসকলক শান্ত হৈ তেওঁলোকৰ আসনলৈ উভতি যাবলৈ আহ্বান জনায়। ইপিনে, কেন্দ্রীয় আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে গোৱাৰ বিধানসভা সমষ্টিসমূহত অনুসূ...

July 22, 2025 8:42 PM

views 44

হুলস্থূলীয়া পৰিৱেশৰ বাবে উভয় সদনৰ কাম-কাজ স্থগিত

বিৰোধী পক্ষৰ সাংসদসকলে অপাৰেছন সিন্দূৰ আৰু বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাৰ দাবীক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ দুই বজাত সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত পুনৰ ধ্বনি দিবলৈ ধৰে। অধ্যক্ষই সাংসদসকলক নিজ নিজ আসনলৈ ঘুৰি যাবলৈ আৰু সদনৰ কাম-কাজ সূচাৰুৰূপে চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। বিষয়সমূহক ল...