September 6, 2024 1:36 PM

views 48

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ পেৰা জুডোত কপিল পৰমাৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতৰ কপিল পৰমাৰে কালি ব্ৰাজিলৰ এলিয়েলটন ডি অলিভেৰিয়াক ১০-০ ফলাফলত পৰাস্ত কৰি পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ পেৰা জুডোৰ জে ওৱান শিতানৰ ৬০ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰে। পেৰালিম্পিকৰ ইতিহাসত জুডোত ভাৰতৰ এয়া প্ৰথমটো পদক। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে কপিলে অলেখ বাধা নেওচি পেৰালিম্পিকৰ ইতিহাসত জুডোত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতি...

September 5, 2024 12:21 PM

views 89

পেৰিছ পেৰালিম্পিকত সোণৰ পদক জয়েৰে হৰবিন্দ সিঙৰ ইতিহাস ৰচনা

হৰবিন্দ সিঙে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ আৰ্চাৰীৰ ৰিকাৰ্ভ শিতানৰ ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। হৰবিন্দৰে কালি সোণৰ পদক হস্তগত কৰি পেৰালিম্পিক অথবা অলিম্পিকৰ ইতিহাসত এই কৃতিত্ব অর্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। একেদৰে ধৰ্মবীৰে পুৰুষৰ ক্লাৱ থ্ৰ'ৰ এফ 51 শিতানৰ ফাইনেলত ৩৪ দশমিক ৯-২ মিটাৰলৈ দলিয়াই এছীয়ান অভিলেখ ভংগ কৰাৰ লগতে স্বৰ্ণ পদক হস্তগত কৰে। এই একেটা শিতানত প্ৰণৱ সুৰমাই ৩৪ দশমিক ৫-৯ মিটাৰলৈ দলিয়াই ৰূপৰ পদক অর্জন কৰে। ইয়াৰ পূৰ্বে বিশ্ব চেম্পিয়ন শচীন সৰ্জে...

September 4, 2024 12:28 PM

views 53

পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ২০ টালৈ বৃদ্ধি

পেৰিছ পেৰালিম্পিকত ভাৰতে কালি ৫টাকৈ পদক লাভ কৰে। এই পদক জয়েৰে ভাৰতে এতিয়ালৈকে লাভ কৰা মুঠ পদকৰ সংখ্যা ২০টালৈ বৃদ্ধি হ'ল৷ ইয়াৰে ৩টা সোণ, ৮টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকত পদক জয় কৰা ভাৰতীয় খেলুৱৈসকলক অভিন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, এইসকল খেলুৱৈক লৈ ভাৰত আজি গর্বিত। কালি অনুষ্ঠিত মহিলাৰ ৪০০ মিটাৰ টি-২০ শাখাৰ দৌৰত দীপ্তি জীৱনজীয়ে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ টি ৬৩ হাই জাম্প শাখাত শাৰদ কুমাৰে ৰূপ আৰু ম...

September 3, 2024 12:13 PM

views 66

পেৰিছ পেৰাঅলিম্পিকত সুমিত আন্তিল আৰু নিতেশ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ সুমিত আন্তিল নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র'ত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত ৭০.৫-৯ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই এই কৃতিত্ব অৰ্জন কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ পেৰা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ SL-3 শিতানত ভাৰতৰ নিতেশ কুমাৰে ডেনিয়েল বেটহেলক ২১-১৪, ১৮-২১, ২৩-২১ গেমত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে । একেদৰে পুৰুষৰ ছিংগলছৰ SL-4 শিতানত ভাৰতৰ সুহাছ য়াথীৰাজেও ৰূপৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকী ফাইনেলত যোৱাবাৰৰ বিজয়ী লুকাছ মাজুৰৰ ...

September 2, 2024 8:00 PM

views 52

পেৰিছ পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন

পেৰিছ পেৰালিম্পিকৰ পঞ্চম দিনা আজি ভাৰতৰ পেৰা শ্বাটলাৰ নীতেশ কুমাৰে প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ভাৰতক এই প্রতিযোগিতাত দ্বিতীয়টো সোণৰ পদক অৰ্জনৰ গৌৰৱৰ অধিকাৰী কৰে। খেলুৱৈগৰাকীয়ে গ্রেট ব্ৰিটেইনৰ ডেনিয়েল বিথেলক ২১-১৪, ১৮-২১, ২৩-২১ –ত পৰাজিত কৰি পুৰুষৰ ছিংগলছৰ SL3 শিতানত স্বর্ণপদক জয় কৰে। ইপিনে, ভাৰতৰ যোগেশ কাঠুনিয়াই পুৰুষৰ ডিচকাছ থ’ৰ F56 শিতানত ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ লগে লগে এই প্ৰতিযোগিতাত ভাৰতৰ পদক সংখ্যা ৯ লৈ বৃদ্ধি পাইছে। ইয়াৰ আগেয়ে পেৰা শ্বাটলাৰ থুলচিমথি মুৰুগেচনে আন এটা পদক নিশ্চিত কৰ...

August 30, 2024 8:45 PM

views 61

পেৰিছ পেৰালিম্পিকত চাৰিটা পদকৰে পদক তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত

পেৰিছ পেৰালিম্পিকৰ আজি দ্বিতীয় দিনা ভাৰতে এটা সোণ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে তিনিটা পদক লাভ কৰি পদক তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। টকিঅ' পেৰালিম্পিকত সোণৰ পদক লাভ কৰা অৱনি লেখাৰাই পেৰিছতো এছ এইচ ৱান শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত ২৪৯ দশমিক ৭ পইণ্টেৰে অভিলেখ গঢ়ি পুনৰ সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ বিপৰীতে একেটা শাখাতে মনা আগৰৱালে ২২৮ দশমিক ৭ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। ইফালে, ১০০ মিটাৰ স্ক্ৰীণ্টৰ মহিলাৰ শাখাত প্ৰীতি পালে ১৪ দশমিক ২ – ১ ছেকেণ্ডৰ সৰ্বোচ্চ ব্যক্তিগত অভিল...