September 9, 2024 11:31 AM

views 66

পেৰিছ পেৰালিম্পিকৰ সামৰণি, ভাৰতৰ ৭টা সোণসহ মুঠ ২৯টা পদক লাভ

পেৰিছ পেৰালিম্পিক প্ৰতিযোগিতা কালি নিশা বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰে। বিশ্বৰ ১৬৮টা পেৰালিম্পিক প্রতিনিধি দলৰ ৪ হাজাৰ ৪০০ খেলুৱৈৰ উপস্থিতিত দেশখনৰ লোক সংস্কৃতি আৰু সংগীতৰ পৰিৱেশনেৰে সামৰণী অনুষ্ঠান অধিক মননশীল কৰি তোলে। পেৰিছৰ মেয়ৰ এন্নে হিডালগোৱে পেৰালিম্পিকৰ পতাকা আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক সমিতিৰ সভাপতি এণ্ড্ৰিউ পাৰ্ছনছৰ হাতত তুলি দিয়ে আৰু এণ্ড্ৰিউ পাৰ্ছনছে এই পতাকা লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বাছক প্ৰদান কৰে। উল্লেখযোগ্য যে ২০২৮ চনৰ পেৰালিম্পিক লছ এঞ্জেলছত অনুষ্ঠিত হ'ব। ভাৰতে এইবাৰ পেৰালিম্পি...