September 27, 2025 7:07 PM

views 62

নতুন দিল্লীত আজিৰে পৰা দ্বাদশ বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপ অনুষ্ঠিত

নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত আজিৰে পৰা দ্বাদশ বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। এই ৯ দিনীয়া প্রতিযোগিতাখনত বিভিন্ন শাখাত বিজয়ীসকলক মুঠ ১৮৬ টা পদক প্ৰদান কৰা হ'ব। ইয়াৰে পুৰুষৰ বাবে ১০১টা, মহিলাৰ বাবে ৮৪টা আৰু মিক্সড শাখাৰ বাবে এটা পদক থাকিব। প্ৰতিযোগিতাখনৰ ৫ অক্টোবৰত সামৰণি পৰিব। ভাৰতৰ পেৰা এথলীট দিপ্তী জীৱনজীয়ে আজি অনুষ্ঠিত মহিলাৰ ৪০০ মিটাৰ টি টুৱেণ্টি শাখাত প্ৰথম হৈ পদক ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁ ৫৮ দশমিক ৩৫ ছেকেণ্ডেৰে চলিত ছিজনৰ সৰ্বোচ্চ প্রদর্শন কৰে। হিট ৱ...