September 8, 2026 8:19 PM
4
বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ত ভাৰতৰ সোণ-ৰূপৰ পদক লাভ
আহমেদাবাদত চলি থকা বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাৰতে আজি পুৰুষৰ দলীয় শাখাত দুটা সোণৰ আৰু মহিলাৰ ৰিকাৰ্ড শিতানত এটা ৰূপৰ পদক অর্জন কৰে। পুৰুষৰ কম্পাউণ্ড দলীয় শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন টোমন কুমাৰ আৰু শ্যাম সুন্দৰ স্বামীয়ে ইৰাকৰ আববাছ কাধিম আৰু আনৱাৰ আলদাৱ দৰ যুটীক ১৫২-১৩৯ৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অর্জন কৰে। দুবাৰকৈ পেৰালিম্পিকত পদক বিজেতা হৰবিন্দৰ সিং আৰু বিজয় ছুণ্ডিৰ যুটীটোৱে শ্লোভাকিয়াৰ ডেভিদ ইভান আৰু ডেনিছ ইভানৰ যুটীক ৰিকাৰ্ভৰ পুৰুষৰ দলীয় শিতানত ৬-২, ৬-২ত পৰাস...