July 20, 2026 7:45 PM

views 10

ড০ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ই-মেইল আই ডি খোলাৰ অভিযোগত পংকজ দাসক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ই-মেইল আই ডি খোলাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পংকজ দাসে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো ভুৱা ই-মেইল আই ডি খোলাৰ তথ্য লাভ কৰে। মুখ্যমন্ত্ৰীৰ নামেৰে খোলা ভুৱা ই-মেইল আই ডিৰে অভিযুক্ত দাসে বিভিন্ন লোকলৈ ই- মেইল প্ৰেৰণ কৰিছিল। তেওঁৰ দ্বিতীয় পত্নীৰ ম'বাইল ফোনৰ নম্বৰ ব্যৱহাৰ কৰি এনে ভুৱা ই-মেইল আইডি খোলা বুলি অপৰাধ অনুসন্ধান বিভাগৰ শীৰ্ষ বিষয়াই সদৰী কৰিছে। বিভাগে ইতিমধ্যে অভিযুক্ত দাসৰ ম'বাইল ফোন জব্দ কৰিছে...