December 14, 2025 9:04 PM

views 85

কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী পংকজ চৌধাৰী উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নির্বাচিত

কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী তথা সাতবাৰকৈ সাংসদৰূপে নির্বাচিত হোৱা পংকজ চৌধাৰী উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নির্বাচিত হৈছে। আজি লক্ষ্ণৌত কেন্দ্ৰীয় মন্ত্রী তথা বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা পীয়ুষ গোৱেলে এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে। ৰাজ্যিক সভাপতিৰ লগতে বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৰাষ্ট্ৰীয় পৰিষদলৈ সদস্য বাচনিৰ বাবেও নির্বাচন অনুষ্ঠিত কৰে। ৰাজনাথ সিং, যোগী আদিত্যনাথ, কেশব প্রসাদ মৌর্য, ভূপেন্দ্ৰ চৌধুৰী, স্মৃতি ইৰাণীকে ধৰি ১২০ গৰাকী নতুন সদস্য নির্বাচন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ ...

December 13, 2024 8:28 PM

views 69

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৯১ হাজাৰ ২৮৭ কিলোমিটাৰ আছিল আৰু যোৱা নবেম্বৰ পৰ্য্যন্ত এই নেটৱৰ্ক প্ৰায় ডেৰ গুণ বৃদ্ধি পাই ১ লাখ ৪৬ হাজাৰ ১৯৫ কিলোমিটাৰ হৈছে।