February 21, 2025 11:07 AM

views 19

দোহাত অনুষ্ঠিত চতুর্দশ এছিয়ান স্নুকাৰ প্ৰতিযোগিতাত পংকজ আদৱানীৰ খিতাপ দখল

পংকজ আদৱানীয়ে দোহাত অনুষ্ঠিত চতুর্দশ এছিয়ান স্নুকাৰ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। খেলুৱৈগৰাকীয়ে এই জয়ৰ সুবাদত একেটা ক্রীড়াবৰ্ষত ৰাষ্ট্ৰীয়, এছিয়ান আৰু বিশ্ব স্নুকাৰ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি অভূতপূর্ব সাফল্য অর্জন কৰাৰ দিশে অগ্ৰসৰ হৈছে। বিলিয়াৰ্ডছত ইতিমধ্যে এই কৃতিত্ব অৰ্জন কৰা খেলুৱৈগৰাকীয়ে এনে কৰিবলৈ সক্ষম হ'লে দুয়োটা শিতানত এই সাফল্য অর্জন কৰা একমাত্র খেলুৱৈৰূপে পৰিগণিত হ'ব। পংকজ আদৱানীয়ে এতিয়ালৈকে এছিয়ান স্নুকাৰ প্ৰতিযোগিতাৰ ৫টা আৰু এছিয়ান বিলিয়ার্ডছ প্রতিযোগিতাৰ ৯টা খিতাপ ...