April 26, 2025 8:10 PM
100
পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনৰ প্রস্তুতি সম্পূৰ্ণ
মানকাচৰত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে হাটশিঙিমাৰীত আয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এহেজাৰ ৮৫১ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়াই অংশগ্ৰহণ কৰে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ২৫টা ভোটগ্রহণ কেন্দ্ৰত নিয়োজিত শতাধিক মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াকো প্রশিক্ষণ প্রদান কৰা হয়। উল্লেখযো...