April 11, 2025 11:08 AM

views 47

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পৰ্বৰ আজি সামৰণি

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পৰ্বৰ আজি সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে দ্বিতীয়খন প্রার্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণ শক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ...

April 3, 2025 7:30 PM

views 74

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ১১ মে'ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত অহা ২ মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্রহণ কৰা হ'ব। দ্বিতীয় পর্যায়ত অহা ৭ মে...

February 7, 2025 11:21 AM

views 48

পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ অহা এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ অহা এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰনজিত কুমাৰ দাসে কালি বিলাসীপাৰাত এই কথা প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিয়ে আয়োজন কৰা বিশেষ সাংগঠনিক আৰু ভোগালীৰ প্ৰীতি ভোজ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আসন্ন পঞ্চায়ত নির্বাচন ৰাজনীতিমুক্ত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। বিলাসীপাৰা আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত সাংগঠনিক স্থিতি মজবুত কৰিবলৈ প্রচেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰি শ্ৰীদাসে কয় যে পঞ্চায়ত নিৰ...

January 17, 2025 11:02 AM

views 30

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হ’লেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হ'লেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কালি মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। তেওঁ কয়, যে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছদিনাই পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। চৰকাৰে পৰীক্ষাৰ মাজত কোনো নিৰ্বাচন অনুষ্ঠিত নকৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচনত...

January 13, 2025 11:11 AM

views 78

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি প্ৰদান

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান ৯ খন পঞ্চায়তক বাদ দি অতিশীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। শ্রীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁৱক সামৰি এই বিষয়ত ৯ খন লেখ আবেদন দাখিল কৰা হৈছিল । ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে এই সম্পৰ্কত পৰহি স্থগিত ৰখা ৰায়দান কালি প্ৰদান কৰে। এই ৰায় অনুযায়ী ৯ খন লেখ আবদনে সামৰি লোৱা অঞ্চলসমূহৰ বাদে আন পঞ্চায়ত সমূহত নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্রদান কৰা হয়। মুখ্যমন্ত্র...