May 10, 2025 11:47 AM

views 41

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, জিলাসমূহত প্ৰস্তুতি সম্পূৰ্ণ

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। ইয়াৰ বাবে জিলাসমূহত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূর্ণভাৱে ভোটগণনাৰ বাবে তিনিঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। বজালী জিলা আৰু মানকাচৰ জিলাৰ হাটশিঙিমাৰীতো ভোটগণনাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক প্রস্তুতি চলিছে। গোৱালপাৰা জিলাৰ দুধনৈ, গোৱালপাৰা পূব আৰু জলেশ্বৰ বিধানসভাৰ অন্তৰ্গত বিভিন্ন পৰ্যায়ৰ পঞ্চায়ত নিৰ...