April 29, 2025 11:17 AM

views 77

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন

অহা ২ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নির্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত দলটোৱে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখং, নাহৰকটীয়...