October 13, 2025 1:17 PM

views 48

কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কার্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক প্রদান কার্যসূচী ৰূপায়ণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ সকলো খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চল তথা নগৰ অঞ্চলৰ এক লাখ ৯২ হাজাৰ ৭১৬ গৰাকী শিশুক পলিঅ' প্রতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কালি পলিঅ প্রতিষেধক গ্রহণ কৰিব নোৱাৰা শিশুসকলক আজি আৰু কাইলৈ স্বাস্থ্যকর্মীসকলে ঘৰে ঘৰে গৈ প্রতিষেধক প্রদান কৰিব। গোৱালপাৰা জিলাতো ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ এক লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ...