October 18, 2025 12:26 PM
116
আফগান সীমান্তৰ সমীপত আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত
আফগান সীমান্তৰ সমীপত কালি সন্ত্রাসবাদীয়ে কৰা আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত হয়। পাকিস্তানৰ সুৰক্ষা বিষয়াই জনোৱা মতে উত্তৰ বাজিবিস্তানৰ এটা পাকিস্তানী সেনা শিবিৰত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণত এই জোৱানকেইজনৰ মৃত্যু হোৱাৰ লগতে কমেও ১৩ জন আহত হয়। বিষয়াগৰাকীয়ে কয়, যে এজন সন্ত্রাসবাদীয়ে বিস্ফোৰক সামগ্ৰীভর্তি এখন বাহনেবে সেনা শিবিৰৰ চৌহদৰ বেৰত খুন্দা মাৰে। আন দুজনে শিবিৰত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়ত সেনাৰ গুলীত তেওঁলোকৰ মৃত্যু হয়। ইপিনে পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি সীমান্তৰ পাক্তিকা প্রদেশত যো...