April 24, 2025 8:15 PM

views 42

পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ সেৱা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিলৰ সিদ্ধান্ত

ভাৰতে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ সেৱা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। অহা ২৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকক প্ৰদান কৰা সকলো বৈধ ভিছা বাতিল কৰা হৈছে। তদুপৰি চুবুৰীয়া দেশখনৰ নাগৰিকসকলক প্ৰদান কৰা চিকিৎসা ভিছাসমূহ অহা ২৯ এপ্ৰিললৈকেহে বৈধ বুলি বিবেচিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰা বিবৃতি অনুসৰি সম্প্ৰতি ভাৰতত থকা সকলো পাকিস্তানী লোকে এই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ভাৰতৰ পৰা যাব লাগিব। মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক...