March 12, 2025 1:46 PM

views 18

পাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছ অপহৰণ সন্ত্ৰাসবাদীৰ, ১৫০ৰো অধিক লোকক উদ্ধাৰ, ২৭জন সন্ত্ৰাসবাদী নিহত

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্চি জিলাৰ পৰা বেলুচ লিবাৰেচন আৰ্মীৰ সদস্যই কালি ৪০০ গৰাকীৰো অধিক যাত্ৰীৰ সৈতে অপহৰণ কৰা ৰে'লগাড়ীখনৰ ডেৰশৰো অধিক পণবন্দীক দেশখনৰ সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। সুৰক্ষা বাহিনীৰ অভিযানত জাফৰ এক্সপ্ৰেছ নামৰ ৰে'লগাড়ীখনৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত ২৭ জন সন্ত্রাসবাদী নিহত হৈছে। উদ্ধাৰ কৰা যাত্ৰীসকলক ওচৰৰ মাচ চহৰলৈ লৈ যোৱা হৈছে। চহৰখনত উদ্ধাৰ কৰা যাত্ৰীসকললৈ চিকিৎসা সাহায্য আগবঢ়োৱাৰ বাবে অস্থায়ী হাস্পতাল স্থাপন কৰা হৈছে। ইপিনে, বেলুচ লিবাৰেচন আৰ্মীয়ে সুৰক্ষ...