August 17, 2025 1:46 PM

views 43

পাকিস্তানৰ উত্তৰ প্ৰান্তত আকস্মিক বান-ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫০লৈ বৃদ্ধি

পাকিস্তানৰ উত্তৰ প্ৰান্তত আকস্মিক বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫০লৈ বৃদ্ধি পাইছে। দেশখনত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্রাধিকৰণে উত্তৰ প্ৰান্তৰ খাইবাৰ পাখটুনখৱা প্ৰদেশত ৩২৪ আৰু বুনেৰ জিলাত ২০০জনৰো অধিক লোকে প্ৰাণ হেৰুওৱা বুলি কালি প্ৰকাশ কৰে। প্ৰাদেশিক চৰকাৰে আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত বুনেৰ, বাজাউৰ, স্বাত, ছাংলা, মান চেহেৰা আৰু বাট্টাগ্ৰামত সর্বাধিক ক্ষতি হোৱা বুলি জানিবলৈ দিছে।